The Zubeen Garg

The Zubeen Garg

This is not a post to make you know who Zubeen Garg is. This post is about my thoughts, my feelings, how he mattered in my life or how shattered am I right now.

You may read it if you wish to or may skip it if you do not wish to.

[And Who am I? All these days, I haven’t revealed who am I?
Here is a brief introduction(for context of APSC AE JE exams)
I am Sasanka Sarma, a resident of Guwahati, an Assistant Engineer at PWD(Building), Assam.
B.Tech: Tezpur University(2021); M.Tech: IIT Kharagpur(drop-out); APSC AE Water Resources 2023(Rank 22); APSC AE PWD 2023(Rank 22); Also cleared other exams like UTO, AESRB Lecturer, etc.]

I am still in disbelief. I don’t how will I be able to process it ever. কেনেকৈ হ’ব পাৰে, কিদৰে মানি লওঁ

শৈশৱৰ সেই দিন, হয়তো গান কি ভালকৈ বুজিয়েই নাপাওঁ, তেতিয়া ঘৰৰ ব্লেক এণ্ড হোৱাইট টিভিটোত প্ৰায়েই সন্ধিয়া দেখা পাওঁ এজন ল’ৰাই কিব’ৰ্ড বজাই “আহে বা নাহে” গানটো গাই, কোন জুবিন, কি গান একো নাজানো, কিন্তু গানটো শুনো। তেনেকৈয়ে পৰিচয় হৈছিল জুবিন দা আৰু তেওঁৰ কালজয়ী সৃষ্টিৰ লগত।


২০০৬ৰ কথা, তৃতীয় শ্ৰেণীত পঢ়োঁ, দৰং মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সমাৰোহ, সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ জুবিন গাৰ্গ, বহুত উৎফুল্লিত, জুবিনৰ প্ৰগ্ৰেম চাম, আৰু সেয়াই আছিল জুবিনদাক প্ৰথমবাৰৰ বাবে দেখা। আনফালে ঘৰত বাজি থাকে জুবিনৰ গানৰ ৰীল থকা কেছেট, ‘হিয়ামন’, ‘শিশু’, ‘যন্ত্ৰ’ আৰু বহুতো। তেনেকৈয়ে জুবিন দাৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা গঢ় লৈছিল।

জীৱনত কেইবাবাৰো দাদাক লগ পোৱাৰ সৌভাগ্য পালোঁ। তাৰে মাজৰ এটা ঘটনা, আমি দুই তিনিজনমান জুবিনদাৰ ঘৰত আছিলোঁ, তেওঁ কৰবালৈ যাব লগা হ’ল, হঠাতে আমাক ক’লে, “ব’ল, তহঁতো ব’ল,” আৰু Bolero খনৰ ড্ৰাইভাৰ জনক ক’লে, “গাড়ীৰ চাবিটো মোক দে, ইহঁতক মই গাড়ী চলাই লৈ যাম।” আমি সকলোৱে গাড়ীত বহিলোঁ। বহাৰ লগে লগে দাদাই আমাৰ ফালে চাই ক’লে, “মই কিন্তু গাড়ী নচলাওঁ, মই গাড়ী উৰাওঁহে, ভয় খাবি নেকি?” “গাড়ী শিকিলে বেয়া গাড়ীত শিকিব লাগে, তেতিয়াহে এক্সপাৰ্ট হয়। মই ক্লাছ 7তেই গাড়ী শিকিছোঁ।
আৰু বহুতো স্মৃতি আছে দাদাৰ লগত, তেওঁৰ সৃষ্টিৰ লগতেই হওক বা তেওঁৰ সমাজৰ আৰু ৰাইজৰ প্ৰতি যি দায়বদ্ধতা আছিল, তাকে অনুকৰণ কৰিয়েই হওক, তেওঁৰ কথা কৈ শেষ কৰিব নোৱাৰি।


জুবিনদা তেওঁৰ সৃষ্টি, তেওঁৰ আদৰ্শৰে অসমৰ ৰাইজৰ, ভাৰতৰ ৰাইজৰ মনত, হৃদয়ত সদায় অমৰ হৈ থাকিব।
ধেইৎ কি অসহনীয় আৰু অবিশ্বাস্য ।।


কিদৰে সহ্য কৰোঁ।

মই প্ৰায় সদায়েই সৰুসজাইলৈ সাঁতোৰিবলৈ যাওঁ, কিন্তু এতিয়া যেন সৰুসজাইৰ পৰিচয় পৃথক, এক নিঃসঙ্গতা, নিৰলতাই আগুৰি ধৰে। মানুহৰ মাজতো যেন সকলো উকা উকা শূণ্য শূণ্য। সাঁতোৰৰ মাজত মনলৈ আহে বহু প্ৰশ্ন, বহু কথা, যাৰ উত্তৰৰ সন্ধানত হাবাথুৰি খাই আছোঁ।

প্ৰশ্ন ।। প্ৰশ্ন ।। প্ৰশ্ন ।।

এনেকৈয়েই এমাহ পাৰ হ’ল।
কিন্তু উত্তৰ?? নাই……………..

জয় জুবিন দা

১৯ তাৰিখে বহু সময় সোণাাপুৰত আছিলোঁ, দাদাৰ পৰশ পাবলৈ বিভিন্ন জাতি-ধৰ্ম নেওচিও মানুহৰ সমাগম ঘটাটো স্বাভাৱিক।

এমাহৰ পিছতো কিছুমান দৃশ্য দেখি আৰু অধিক আৱেগিক হৈ পৰোঁ।

এজন ভৰি নোহোৱা যুৱক, wheel chair ত বহি একেৰাহে দাদাৰ বাবে জ্বলোৱা চাকিটিলৈ চাই আছে।

এগৰাকী আইতা, বয়সৰ কোবত হালি গৈছে, তথাপি জুবিন ক্ষেত্ৰলৈ আহি তাৰে মাটি এটুকুৰা তুলি লৈছে আৰু কান্দিছে।


আৰু এগৰাকী বৃদ্ধ লোক, অসুস্থ, নাকেৰে pipe লগোৱা আছে, তথাপি দাদাৰ এক অনুভৱ ল’বলৈ আহিছে।

এইয়া হৈছে দাদাৰ প্ৰতি নিঃস্বাৰ্থ মৰম ভালপোৱা।


তাৰে ওপৰত আৰু এটা কথা এই যে মই জুবিন, আমি জুবিন, তই জুবিন – ধেই, জুবিন সদায় এজনেই আছিল, আছে আৰু এজনেই থাকিব। আন কোনো হ’ব নোৱাৰে, না তই, না মই। কোন আচল নকল অনুৰাগী 😂

আমি দাদাৰ আদৰ্শ অনুসৰণ কৰি আগুৱাই যাব লাগিব।

শেষ শেষ সকলো শেষ, এটা অধ্যায় শেষ, কিদৰে সহ্য কৰোঁ

We need transparent investigation

#JusticeForZubeenGarg

দাদা আকৌ আহিবা, আকৌ লগ পোৱা প্ৰতিশ্ৰুতিৰে

জয় জুবিন দা