Poems of Hiru Da: The Heart of Assamese Poetry

হিৰু দাৰ কবিতা: অসমীয়া কবিতাৰ হৃদয়

Hiren Bhattacharyya, fondly called Hiru Da, was a legendary Assamese poet and lyricist whose timeless verses continue to inspire. Born in Jorhat, Assam, in 1932, his poetry collections like Sugandhi Pokhila and Saichor Pathar Manuh weave love, nature, and human emotions with simple yet profound words. Known for his lyrical charm, Hiru Da’s work shaped modern Assamese literature, earning him the title “Poet of Love and Sunshine.” His ability to connect with readers through everyday language made him a cultural icon.

Discover Hiru Da’s poetry to experience Assam’s soul. Search for “Hiren Bhattacharyya poems” to explore his iconic collections today!

Poems of HiruDa

Read the poems of Hiren Bhattacharya Sir.

অভিজ্ঞান – হীৰেন ভট্টাচাৰ্য

Read poem

এদিন ৰাতি মই ঘৰৰ সমুখত বহি আছিলো |
মন আৰু মগজুত নিৰাশাৰ অক্লান্ত আক্ৰমণ |
চেতনাৰ শৰীৰ মোৰ বেদনাৰ আঘাতত
ক্ষত-বিক্ষত ।
হঠাৎ, ক’ৰবাৰ পৰা এজাক বতাহ আহি
উদ্বাস্ত মনৰ কোঠালি মোৰ তোলপাৰ কৰি দিলে ।
কুঁৱলীয়ে স্তিমিত কৰা আকাশত এটি দুটি কৰি
জ্বল্‌মলাই উঠিল এজাক ৰুপালি চৰাই ।
জাৰত কঁপি থকা সিহঁতৰ ডেউকাত
পোহৰৰ কি যে অদ্ভুত স্পন্দন !
মই সেইদিনা অনুভৱ কৰিছিলো
এটা বেদনাহত ৰাতিৰ বুকুত শুই থকা প্ৰান-সূৰ্যৰ উত্তাপ ।
আৰু শুকান ডালে-ডালে বৈ অহা
দুঃসাহসিক পাতৰ প্ৰত্যয়-দীপ্ত সেউজীয়া তৰংগ ।

 

আন্তৰ্জাতিক – হীৰেন ভট্টাচাৰ্য

Read Poem

নদীৰ দৰে নিৰ্মল
শস্যৰ দৰে সুন্দৰ মোৰ আইৰ হাত ধৰি
মই গৈ আছোঁ ভবিষ্যৎহীন বৰ্তমানৰ
পৰা আন এটা বৰ্তমানলৈ |
মোৰ যাত্ৰাপথৰ আকাশজুৰি
মোৰ প্ৰতিবেশী আৰু বন্ধুজনৰ শুভ ইচ্ছা
পৱিত্ৰ সংগীতৰ দৰে
বাজি উঠিছে |
মোৰ আইৰ হাত ধৰি দেশৰ পৰা
দেশান্তৰলৈ মই গৈ আছোঁ |
মোৰ প্ৰতিবেশী আৰু মোৰ বন্ধুজন
ক্ৰমে ওচৰ চাপি আহিছে |
মোৰ আইৰ হাত ধৰি
মই গৈ আছোঁ… …

 

আশ্ৰয় – হীৰেন ভট্টাচাৰ্য

Read Poem

এদিন ৰাতি মই এখন নতুন দেশলৈ গৈছিলো |
সেই দেশৰ হৃদয় জুৰি আছিল তাৰকাখচিত
উজ্জ্বল নীলা এখন পতাকা ।
সাগৰৰ বতাহ আহি পতাকাখনত ঢেউ তুলিছিল :
প্ৰেমৰ কোমল ঢৌ । অন্ধকাৰে ঢাকি থোৱা
অৰণ্যৰ মাজৰ পৰা উৰি আহিছিল
গৰখীয়া ল’ৰাৰ পেঁপাৰ সুৰৰ দৰে
এটি মুকলি সুৰ |
সেই সুৰ শুনি আহত পশুৰ দৰে
মই ল’ৰি পলাই আহিছিলো মোৰ দেশলৈ ।
বৃন্তৰ ফুলৰ দৰে মোৰ উভতি অহাৰ
বাটে বাটে নীলা পতাকাখনৰ উজ্জ্বল তৰাবোৰ
খহি পৰিছিল এটি-এটি কৰি ।
মোৰ দেশ, মোৰ স্বদেশ, মোৰ প্ৰথম প্ৰেমৰ উন্মেষ
মোৰ সাতসৰী যেন সাতোখন নদী
প্ৰেমৰ কি যে গভীৰ সহানুভুতি
তাক মই কিদৰে পাহৰিম ?

 

পাল তৰা নাওখন – হীৰেন ভট্টাচাৰ্য

Read Poem

মই নৈৰ পাৰত বহি আছোঁ –
আনন্দে বিষাদে মোৰ সোঁৱৰণৰ কোষ কুশল হাতেৰে মেলি চাইছে
কান্দোনে সাৱটি ধৰিছে যোজনগন্ধা ৰাতিৰ নক্ষত্ৰ
আৰু অচিনাকী ফুলবোৰৰ সৰলতা
মই বহুদুৰ পামগৈ –
নৈৰ ভৰা শৰীৰেৰে বাজি উঠিছে বোধৰ শংখ
পাল তৰি দিছে নাৱৰীয়াই
নাও মোৰ শাওণৰ ঢৌ ভাঙি গৈ আছে কোনোবা মোহনা ঘাটেৰে –
বতাহত নিঢালে উৰিছে চিলা যেন ৰঙা পালখন …

 

গানৰ দিগন্ত – হীৰেন ভট্টাচাৰ্য

Read Poem

আজি আকাশৰ আহৰি নাই, কত্থকে কথাকলিৰে উখলমাখল
ডাৱৰৰ কোমল কোলাত বিজুলী চমকেৰে মেঘৰঞ্জনীৰ মোহিনীঅট্টম –
নাচে গানে এহাতে চৈতি-বিৰ্‌হাৰ সুৰ
আনহাতে বিহু-ভাৱাইয়াৰ বিননি
ডাৱৰে জানো পাহৰে গান, সুৰ-ভীক্ষু কণ্ঠৰ আৰ্ত আহ্বান –
দীঘল হৈ আহিছে মোৰ গানৰ দিগন্ত…

 

মোৰ বুকুৰ তলৰ শিপাডাল – হীৰেন ভট্টাচাৰ্য

Read Poem

মোৰ বুকুৰ তলতে শিপাডাল আছে –
তোৰ চকুৰ এচলু পানীৰে তিয়াই দে । চকুৰ পানী বৰ সাৰুৱা
উটনুৱা ডাৱৰবোৰ, আকাশখনত অনাইবনাই ফুৰিছে
তেনেই শুকান ডাৱৰবোৰ, ক’তো পানীৰ লেশ নাই,
বৰষুণ নহ’লে আকাশ বৰ অকলশৰীয়া । বতাহো আমন-জিমনকৈ বলে ।
আজি বেলিমাৰৰ এবুকু পোহৰে আকোঁৱালি ধৰিছে
নৈখনেৰে জপিয়াই ফুৰা ঢৌবোৰ ।
দুৰত, বৰষুণ অনা ডাৱৰৰ মাত শুনিছোঁ । শেষ ৰাতিলৈ বৰষুণ হ’ব ।
কাইলৈ সাজিকাচি বেলিটো জক্‌মকাই ওলাব …

 

জীৱন উৎসৱময় – হীৰেন ভট্টাচাৰ্য

Read Poem

আবতৰীয়া বৰষুণ । আৱাহন বিসৰ্জন নাই । দিয়েই আছে
একেটাই ভাৱ-ভংগী । এৰাধৰা নাই, একেবাৰে পটু পঢ়ুৱৈৰ পাঠ –
কোনোবা প্ৰযুক্তিমনাই গাঁৱে-ভুঁয়ে পানীৰ ভঁৰাল পাতিছে ।
ব’ল বৰষুণৰ মাজেৰে । ডাৱৰৰ পিঠিৰ পটত তিতা সাজপাৰে
তোক শুৱাই তুলিব । পানীচকুৱা আকাশখনত ৰ’দ বতাহৰ সনাপোটোকা চলিছে ।
নাচেবাগে গোটেইখন তল ওপৰ …

 

ধান দে, কঠীয়া পাৰোঁ

Read Poem

ৰাতিপুৱাই ৰ’দে যেন ৰমলিয়াই আছে
বতাহত নতুন পাহি মেলি দিছে এটা পুৰণি গানে
মোৰ কাষতেই ধানৰ পথাৰ, মন গ’লেই হ’ল,
হাতবাউলেৰে উচটাই থাকে বোকা-মাটিয়ে –
মই আলিত বহি এতিয়াও সেই পুৰণি গানটোকে শুনি আছোঁ
মোৰ উমাল হাতত এমুঠি-দুমুঠিকৈ ধান দে, কঠীয়া পাৰোঁ

 

কৰুণ হাত – হীৰেন ভট্টাচাৰ্য

Read Poem

মই সুধিছিলো

     দেৱতাৰ মন্দিৰৰ বাট কেনি?

তাই আগবঢ়াই দিলে

     চকুলোৰে সেমেকা হাতখনি | 

ছহিদ – হীৰেন ভট্টাচাৰ্য

Read Poem

যাৰ;
তেজত তিৰ্‌বিৰাইছিল
তৰালি,
বুকুত,
গুণ্‌গুণাইছিল
মৌমাখি –
সি নিজানে-নিতালে
শুই আছে |
শিতানত তাৰ
তেজে ধোৱা মাটি |

জ্যোতি, সেই জ্যোতি – হীৰেন ভট্টাচাৰ্য

Read Poem

মোক এই সংকীৰ্ণতাৰ পৰা
তুলি ধৰা । তোমাৰ সতে গাবলৈ দিয়া
ধুমুহাৰ গান, বজ্ৰৰ গান |
মৃত্যুৰ এই হিম-শীতল হাতেৰে
ঢাকি থোৱা হৃদয়ক
এচমকা আকাশৰ আশ্বাস দিয়া ।
ঘৃণা আৰু অবিশ্বাসে ঘেৰি ধৰা
সংকীৰ্ণ জীৱনলৈ আহক :
সাহসৰ দোকোল-টঁকা বান ।
চেতনা থৰথৰ অন্ধকাৰ প্ৰহৰ ভাঙি
তোমাৰ গানেৰে কৰোঁ জ্যোতিস্নান !
[৺ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোঁৱৰণীত ]

ফুল নহয় মুল – হীৰেন ভট্টাচাৰ্য

Read Poem

ফুলবোৰ,
বৰ অলপতে শুকাই
লেৰেলি যায় !
বাহি ফুলৰ পাহি
সৰি সৰি
মোৰ চোতাল একাঠু হয় |
এইবাৰ
এডোঙা তেজৰ তলত
ফুল নহয়, পুতি থ’লো মূল |
কলিজাৰ গভীৰ গোপনত
শিপাডাল বাঢ়ে … …
বাঢ়ে দোপে দোপে ।

ভোগালি – হীৰেন ভট্টাচার্

Read Poem

তুমিতো জানাই
এই কবিৰ আৰু একো নাই ।
এটাই মাথো কামিজ
তাৰো চিগো চিগো চিলাই ।
প্রেম নিশ্চয় এনেকুৱাই
আবৰণ খুলি হৃদয় জুৰায় ।

FAQs

  1. What is Hiren Bhattacharyya popularly known as?
    Hiren Bhattacharyya is popularly known as “Hiru Da” and “Sugandhi Pokhilar Kobi” (Poet of Fragrant Butterflies) for his lyrical and evocative poetry. He is also called “Prem aru Rodalir Kobi” (Poet of Love and Sunshine) for his themes of love and optimism.
  2. What awards did Hiren Bhattacharyya receive?
    Hiru Da received prestigious awards, including the Sahitya Akademi Award (1992) for Saichor Pathar Manuh, Bharatiya Bhasha Parishad Award (1993), Bishnu Rabha Award (1985), Soviet Desh Nehru Award (1987) for Sugandhi Pokhila, and Assam Valley Literary Award (2000).